ৰাজপথে ৰাজপথে মৃত্যুৰ কিৰিলি: নিমিষতে প্ৰাণ গ'ল ৩৩ শ্ৰমিকৰ

 05/16/2020 - 18:55

উৎপল কুমাৰ কলিতা: দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া মৃত্যুৰ কৰিলি। সীমিত সংখ্যক যাত্ৰীৰে চলিছে শ্ৰমিক ৰে'ল। ইফালে নাই ভাত, নাই আশ্ৰয়। কিমান আৰু অপেক্ষা কৰিব মুকলি আকাশৰ তলত লঘোনে। সেয়ে প্ৰব্ৰজিত শ্ৰমিকৰ যিয়ে যেনেকৈ পাইছে ঘৰলৈ উভতিছে। এই দৃশ্য চাওক এখন ট্ৰাক। ট্ৰাকত উঠিবলৈ শ্ৰমিকৰ হেতা ওপৰা।মহিলাই বিপদজনকভাবে উঠি গৈছে ওপৰলৈ। কেচুৱা এটাক এহাতেৰে ধৰি এহাতেৰে পিতৃ উঠিছে ট্ৰাকত। কিমান যন্ত্ৰনা পালে মানুহে এনে কাম কৰিব পাৰে ভাবকচোন। পানজপাদি ট্ৰাকত মানুহ। মালবাহী ট্ৰাকত আলু পিয়াজৰ বস্তাৰ দৰে জাপি জাপি মানুহ কঢ়িওৱা হৈছে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ। এনেদৰে আজি উত্তৰ প্ৰদেশত প্ৰব্ৰজিত শ্ৰমিক কঢ়িয়াই নিয়া ট্ৰাক এখন দুৰ্ঘটনাত পৰি মৃত্যু হয় ২৪জন শ্ৰমিকৰ।

মধ্য প্ৰদেশতো শ্ৰমিক কঢ়িয়াই নিয়া ট্ৰাক দুৰ্ঘটনাত মৃত্যু হয় ৯জন প্ৰব্ৰজিত শ্ৰমিকৰ। এনেদৰে লকডাউনৰ সময়ত ৰাজপথত মৃত্যু হোৱা শ্ৰমিকৰ সংখ্যা হল ১৩৪ গৰাকী। যেন মূল্য হীন হৈ পৰিছে শ্ৰমিকৰ জীৱনৰ।

ৰাজপথে ৰাজপথে এতিয়া মাথো মৃত্যুৰ কিৰিলি, শ্ৰমিকৰ আৰ্তনাদ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।