গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা আকৌ এক সংগ্ৰামৰ ৰণশিঙা: নৰেন্দ্ৰ মোডী চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত শ শ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

 05/18/2020 - 15:55

উৎপল কুমাৰ কলিতা: নাগৰিকত্ব সংশোধন আইন বিৰোধী সংগ্ৰামৰ পাছত অসমত আন এক ছাত্ৰ বিক্ষোভ। নৰেন্দ্ৰ মোডী চৰকাৰৰ হকাৰী নীতিৰ প্ৰতিবাদ। গুৱাহাটী বিশ্ববিদ্যালয়ত বাজিল আন এক ছাত্ৰ সংগ্ৰামৰ দাবানল। অসমৰ গৌৰব দিহিং পাটকাইৰ বুকু ভেদি কয়লা খননৰ অনুমতিৰ বিৰুদ্ধে বিশ্ব বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। লকডাউনৰ বাবে ওলাই আহিব পৰা নাই যদিও সকলোৱে সামাজিক মাধ্যমত একোখন বেনাৰ তুলি ধৰি সকীয়নী দিছে নৰেন্দ্ৰ মোডী চৰকাৰক। হুংকাৰ, অসম বিৰোধী সিদ্ধান্ত বাতিল কৰক নহয় পৰিণতিৰ বাবে সাজু থাকক।

উল্লেখযোগ্য যে অসমৰ বনজ সম্পদ ধ্বংস কৰি কয়লা খনন কৰিবলৈ সেউজ সংকেট দিছে নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাৰ সমিতিয়ে। লকডাউনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতা ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদ চমুকৈ NBWL এ অসমৰ দিহিং–পাটকাই অভয়াৰণ্য এলেকাৰ ভিতৰত কয়লা খনন কৰিব খোজা কার্যক সেউজ সংকেত দিছে। পুনৰ ওলাই পৰিল প্ৰধান মন্ত্ৰীৰ দুমুখীয়া চৰিত্ৰ। নিজে এইজন নৰেন্দ্ৰ মোডীয়ে টুইটাৰত লিখিছিল উন্নয়ন বনজ সম্পদৰ ধ্বংসৰে নিবিচাৰে। ডিচকভাৰী চেনেলৰ অনুস্থান যোগে বিশ্বৰ আগত বন্যবন্ধুৰ চিনাকী দিছিল নৰেন্দ্ৰ মোডীয়ে। 

এতিয়া সেইজন মোডীৰ অধ্যক্ষতাৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে দিছে দিহিং পাটকাই ধ্বংসৰ অনুমতি। উল্লেখ্য যে তিনিচুকীয়া, ডিব্রুগড় আৰু পূর্বৰ শিৱসাগৰ জিলাক চুই থকা পূৱৰ আমাজান খ্যাত বর্ষাৰণ্য দিহিং–পাটকাই অভয়াৰণ্যখনে প্রায় ১১১ বর্গকিলোমিটাৰ বিস্তৃত ৷ ২০০৪ চনত অভয়াৰণ্যৰূপে স্বীকৃত এই এলেকা হস্তী সংৰক্ষণ এলেকা হিচাপেও স্বীকৃত৷ তেনে অৱস্থাত কয়লা খনন আদিৰ দৰে কার্যই ইয়াৰ জৈৱ–বৈচিত্র্যত প্রভাৱ পেলাব৷

ক্ষতিগ্রস্ত হ’ব হাতীকে ধৰি প্রায় ৭০০ প্রজাতিৰ ভিন্ন জীৱ–জন্তু, পক্ষী, সৰীসৃপ, বনবৃক্ষ আদি৷ তেনেক্ষেত্রত প্রকৃতিৰ এক বৃহৎ ক্ষতি কৰি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কয়লা খনন কৰাৰ অনুমতি দিয়াটো অসাংবিধানিক তথা বিবেচনাহীন কার্য হিচাপে চিহ্নিত হৈছে। কা বলপূৰ্বক জাপি দিয়াৰ পাছত লকডাউনৰ সুযোগ বুজি নৰেন্দ্ৰ মোডী চৰকাৰে ল'লে আন এক অসম বিৰোধী সিন্ধান্ত।

বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ আহ্বান এই ষড়যন্ত্ৰ কাৰ্যকৰী কৰিব নিদিব সমগ্ৰ অসমৰ ৰাইজে সাব্যস্ত কৰক বৃহৎ প্ৰতিবাদ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।