এইবাৰ হ'ব সূৰ্যৰ লকডাউন: ডেৰশ বছৰৰ মুৰত কমিব সূৰ্যৰ বিকিৰন

 05/19/2020 - 15:07

উৎপল কুমাৰ কলিতা: ক'ৰনা মহামাৰীৰ বাবে বিশ্বজুৰি লকডাউন। পিছে এইবাৰ পৃথিৱীৰ নহয়। এইবাৰ হ'ব সূৰ্যৰ লকডাউন। অৰ্থাৎ সূৰ্য সুপ্ত অৱস্হালৈ গতি কৰিব। নাছা আৰু ৰয়েল এক্সট্ৰ'নমিকেল চ'চাইটিয়ে প্ৰকাশ কৰা মতে ডেৰশ বছৰৰ পাছত সূৰ্য এনে অৱস্হালৈ গতি কৰে। ইয়াক বিজ্ঞানৰ ভাষাত কোৱা হয় চ'লাৰ মিনিমাম। বিজ্ঞানী সকলে এইবাৰ ইয়াক অভিহিত কৰিছে সূৰ্য লকডাউন হিচাপে।

২০২০ চনত চলাৰ মিনিমাম এক মহাজাগতিক ঘটনাৰ পুনৰাবৃত্তি। ইয়াৰ ফলত সূৰ্য ৭৬ শতাংশ সুপ্ত অৱস্থালৈ গতি কৰে আৰু বিকিৰন অৰ্থাৎ উত্তাপ হ্ৰাস পায়। সূৰ্যৰ গাত দেখা পোৱা সূৰ্য ৰলংকবোৰ ক্ৰমাত অন্তৰ্ধান হৈ পৰে। আনহাতে সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰ সমানুপাতিক ভাবে হ্ৰাস হয়। এনে প্ৰক্ৰিয়া গড়ে ১১ বছৰ অব্যাহত থাকে। পাছত পুনৰ সূৰ্যৰ স্বাভাবিক অৱস্হা ঘুৰি আহে।

 

কিন্তু কি পৰিঘটনা হ'ব পাৰে সূৰ্যৰ লকডাউন বা চ'লাৰ মিনিমামৰ বাবে পৃথিৱীত। কি হ'ব পাৰে ইয়াৰ পাৰ্শ্বক্ৰিয়া। বিজ্ঞানী সকলৰ মতে ১৭৯০ চনত চ'লাৰ লকডাউন হৈছিল আৰু সূৰ্য স্বাভাবিক অৱস্হালৈ অহালৈ বিশ্বক বিভিন্ন পৰিঘটনা হৈছিল। ইউৰোপৰ কেবাখনো নদী বৰফ হৈ পৰিছিল, বহু ঠাই মৰুভূমিলৈ ৰূপান্তৰ হৈছিল। লগতে অধিক হৈছিল ভূমিকম্প, বজ্ৰপাত আগ্নেয়গীৰি উদগীৰন, ঘূৰ্ণীবতাহ আদি।

সূৰ্য্যৰ চুম্বকীয় ক্ষেত্ৰ দুৰ্বল হোৱাৰ বাবে মানুহৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাব পৰিব পাৰে। ন কৰিবলগা হ'ব পাৰে মহাকাশ অভিযান। মেৰু অঞ্চলত ইয়াৰ প্ৰভাৱ অধিক পৰিব। অৱশ্যে এই লৈ মানুহ আতংক হোৱাৰ কাৰন নাই বুলি কৈ বিজ্ঞানী সকলে স্পষ্ট কৰে যে সৌৰ বিবৰ্তনৰ ই পুনৰাবৃত্তি ঘটা স্বাভাবিক ঘটনা আৰু পৃথিৱী সৃষ্টিৰ পৰা ইয়াৰ সন্মুখীন হৈ আহিছে।

ক'ৰনা গ্ৰাসত থকা পৃথিবীৰ লকডাউনৰ সময়ত সূৰ্যৰ লকডাউন নিশ্চয় মন কৰিবলগীয়া ঘটনা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।