কৃষকৰ বাবে কি আছে মোডী চৰকাৰৰ পেকেজত: পুজিঁপতিৰ হাতলৈ যাব শস্যৰ বজাৰ

 05/21/2020 - 13:48

উৎপল কুমাৰ কলিতা: নৰেন্দ্ৰ মোডী চৰকাৰে ক'ৰনা মহামাৰী আৰু লকডাউনৰ ক্ষতি পূৰনৰ বাবে স্বাবলম্বী ভাৰতৰ শ্ল'গান দি ২ হাজাৰ কোটিৰ পেকেজ ঘোষণা কৰিছে। কিন্তু স্বাবলম্বীতাৰ মূল উৎস কৃষি আৰু কৃষকৰ বাবে পেকেজৰ পৰা কি আহিব। উল্লেখযোগ্য যে অসমত প্ৰায় ৮৫ শতাংশ আৰু ভাৰতত ৬০ শতাংশ পৰিয়াল মূলত কৃষি নিৰ্ভৰ। লকডাউনৰ ফলত কেবল অসমতে কৃষকৰ ৫০ কোটিৰো অধিক টকা ক্ষতি হয়। এনে সময়ত কৃষকৰ প্ৰয়োজন হৈ পৰিছে কৃষিকৰ্ম জীয়াই ৰখাৰ বাবে নগদ ধন আৰু ঋণ ৰেহাই। লগতে প্ৰয়োজন হব বজাৰৰ।

কিন্তু কি আছে চৰকাৰৰ পেকেজত কৃষকৰ বাবে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৰা ঘোষণা মতে কৃষি খণ্ডৰ বাবে ধাৰ্য কৰা হৈছে পেকেজৰ ১,৬৩,৩৪৩ কোটি টকা। কিন্তু ইয়াৰে  ১ লাখ কোটি টকা হ'ল বেংকৰ ঋণ আৰু ৬৩ হাজাৰ কোটি হ'ল পূৰ্বৰ বাজেটৰ নিৰ্ধাৰিত টকা। যিটো সময়ত কৃষকৰ ঋন ৰেহাই আৰু নগদ ধন প্ৰদানৰ কথা দাবী কৰা হৈছে তেনে সময়ত ঋণ প্ৰধানে কিমান উপকৃত কৰিব পাৰিব কৃষকক। কি সাহসত লব কোঙা হৈ পৰা কৃষকে ঋণ।

আনহাতে বিত্তমন্ত্ৰীয়ে অত্যাৱশ্যকীয় পণ্য আইন শংসোধন ঘটাই মজুত কৰনৰ বিৰুদ্ধে জাতীয় দুৰ্যোগৰ বাদে বাকী সময়ত ব্যৱস্হা নলয় বুলি ঘোষণা কৰিছে। ইয়াৰ ফলত লাভ হব পুজিপতি বনিক গোষ্ঠীৰ আৰু ভয়ংকৰ ক্ষতি হব কৃষকৰ। লগতে বিপনন আইন শংসোধনৰ জড়িয়তে পাইকাৰী বজাৰ ব্যৱস্থা শূণ্য কৰিব বিচৰা হৈছে।

ফলত বৃহৎ ব্যৱসায়ীৰ ওচৰত পোনপটীয়াকৈ কৃষকে সামগ্ৰী বিক্ৰী কৰিব পাৰিব। কিন্তু তাক নিয়ন্ত্ৰণ কৰিব পুজিপতি বনিক গোষ্ঠী কৃষকৰ হাতত নাথাকিব পণ্যৰ দাম নিৰ্ধাৰণৰ অধিকাৰ।

মুঠতে কেন্দ্ৰীয় চৰকাৰৰ ২ লাখ কোটিৰ পেকেজ কৃষকক সকাহ দিয়াৰ নামত সৃষ্টি কৰিছে এক শূণ্যতাৰ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।