২৫লক্ষাধিক শিশুৰ ভয়াবহ জীৱন: প্ৰব্ৰজিত শ্ৰমিকৰ সন্তান হোৱাই অপৰাধ

 05/22/2020 - 17:22

উৎপল কুমাৰ কলিতা: বয়স তেওঁলোকৰ পখিলা খেদা, সমনীয়াৰ লগত খেলা, পঢ়াৰ। কিন্তু হঠাৎ আহিল কাল মানিশা। দেশৰ প্ৰায় ২৫ লক্ষাধিক শিশুৰ এতিয়া জীৱন কাল আমানিশাৰ গ্ৰাসত। প্ৰব্ৰজিত শ্ৰমিকৰ সন্তান তেওঁলোক। লকডাউনৰ পাছত পিতৃ মাতৃৰ সৈতে তেওঁলোকে আৰম্ভ কৰিলে দুৰ্বিসহ যাত্ৰা। প্ৰান্তে প্ৰান্তে দেখা শিশুৰ দুৰ্বিসহ অৱস্হা চকু সেমেকাই তুলিব আপোনাৰো। এনে লাগে যেন শ্ৰমিকৰ সন্তান হোৱাটোৱে তেওঁলোকৰ অপৰাধ।

২৪ মাৰ্চৰ পৰা আজিলৈ দেশৰ সৰ্বত্ৰ এনে শিশুৰ কান্দোন। বহুতে পিতৃ মাতৃৰ লগত কৰিছে দু:সহ মাইলৰ পাছত মাইল যাত্ৰা। কেতিয়াবা ৰাজপথত, কেতিয়াবা কোনো ফুটপাথত পৰি ৰৈছে তেওঁলোক। ভোকৰ যন্ত্ৰনাত চটফটাইচে তেওঁলোকে। তেওঁলোকে বুজাই নাই কি ক'ৰনা, কি লকডাউন। কিন্তু অধিক ভুক্তভোগী অধিক যন্ত্ৰনাৰ বলি হল তেওঁলোক।

ইয়াৰে বহু শিশু বলি হ'ল ভয়াবহ পুষ্টিহীনতাৰ, অ'ত ত'ত পৰি থাকি আক্ৰান্ত বহুতে বিভিন্ন ৰোগত। বৰ্তমান যিমান ভয়াবহ অধিক ভয়াবহ তেওঁলোকৰ ভৱিষ্যত। কাৰন তেওঁ লোকৰ অভিভাবক এতিয়া কৰ্মহীন। চহৰত কঠোৰ শ্ৰম কৰি পৰিয়াল চলোৱা পিতৃ মাতৃ অসহায়। বহুতে ঘৰ বা গাঁও পোৱাৰ পাছত দীৰ্ঘকাল কৰিব লগা হ'ব চৰম দৰিদ্ৰতাৰে সহাৱস্থান। ফলত এইসকল শিশুৰো জীৱন হৈ পৰিব ভয়ংকৰ।

কিন্তু পৰিতাপৰ বিষয় এইপৰ্যন্ত এই প্ৰায় ২৫ লাখ শিশুৰ বাবে নাই কি কেন্দ্ৰীয় বা কোনো ৰাজ্যৰ ৰাজ্য চৰকাৰৰ আঁচনি। বিধ্বস্ত হৈ পৰা শৈশবৰ বাবে নাই কোনো চিন্তা। যাৰ বাবে ভয়ংকৰ দিন আহিব ২৫ লাখ শিশুৰ। এতিয়া প্ৰশ্ন আজিৰ শিশু যদি কালিৰ দেশৰ ভৱিষ্যত তেনেহ'লে দেশৰ ভৱিষ্যতৰ স্বাৰ্থত প্ৰব্ৰজিত শ্ৰমিকৰ এই সন্তান সকলৰ বাবে কৰিবনে চৰকাৰে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।