মাজুলীৰ জীৱন গাঁথাক লৈ আজি ৰাজ্যজুৰি বৈছে 'বৰনদী ভটিয়ায়'

 05/03/2019 - 17:43

ডিজিটেল ডেক্স: আজি ছবি ঘৰলৈ আহিছে মাজুলীৰ জীৱনক লৈ ৰ্নিমিত ছবি 'বৰনদী ভটিয়ায়'। মাজুলিৰ অন্যতম নাট্যগোষ্ঠী 'ভাৱৰীয়া দ্যা-টি-পজিটিভ'ৰ বেনাৰত অনুপম কৌশিক বৰাৰ ৰচিত আৰু প্ৰযোজিত  এই ছবিখন পৰিচালক হিচাপেও বৰাৰ প্ৰথম ছবি।

৩১ টা ছবিঘৰত মুক্তি লাভ কৰিছে দেশে-বিদেশে সমাদৃত ছবি 'বৰনদী ভটিয়ায়'ই। মাজুলিবাসীৰ হতাশা-নিৰাশা-প্ৰত্যাশা আৰু জীৱন উদযাপনক লৈ ৰ্নিমিত ছবিখনক লৈ ছবিখনৰ কলা-কুশলীসকল বিৰাট আশাবাদী। বিভিন্ন অনলাইন প্লেটৰ্ফমত 'Time music assam' ৰ জৰিয়তে মুকলি কৰা চিনেমাখনৰ সংগীত ৰাইজে আকোৱালি লোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যেই মুম্বাইৰ 'Jio mami' আৰু গুৱাহাটীৰ 'Brahmaputra valley film festival' ত ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে 'বৰনদী ভটিয়ায়' ছবিখনে।

ছবিখনৰ দৃশ্যগ্ৰহন প্ৰয়াস শৰ্মা তামুলীৰ, সম্পাদনা ৰণ্টু চেতিয়াৰ, শব্দ অভিকল্প দেৱজিৎ গায়নৰ, সংগীত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত তৰালী শৰ্মাৰ, ডি আই কালাৰিষ্ট অৰিন্দম দাসৰ, কাৰ্যবাহী প্ৰযোজনা স্তুতি জ্যোৎস্না শইকীয়াৰ।মুখ্য সহকাৰী পৰিচালক হিমাংশু নাথ আৰু অৰিন্দম কাশ্যপ।অসমীয়া ছবিৰ দৰ্শকক নঠগো বুলি মন্তব্য পৰিচালক অনুপম কৌশিক বৰাৰ। 'বৰনদী ভটিয়ায়'ক লৈ প্ৰৱল আশাবাদী চলচ্চিত্ৰপ্ৰেমী। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।