ভাৰতৰ মন্দিৰত অনলাইন উপাসনা, প্ৰসাদৰ হোম ডেলিভাৰী

 05/23/2020 - 18:21

উৎপল কুমাৰ কলিতা: ক'ৰনাই সলনি কৰিলে সামাজিক জীৱন প্ৰনালীৰ। সামাজিক দূৰত্ব ৰক্ষা এতিয়া মানুহৰ প্ৰধান কৰ্তব্য। বন্ধ এতিয়া সকলো ধৰ্মীয় উপাসনাৰ থলী। বন্ধ পূজা পাৰ্বন। লকডাউনৰ বাবে নিষিদ্ধ কৰা হৈছে ধৰ্মীয় সমাবেশ। এনে পৰিবেশত ভাৰতৰ কেবাটাও মন্দিৰে লৈছে বিশেষ কাৰ্যসূচী। বিশেষকৈ মন্দিৰৰ বাবে বিখ্যাত আৰু বিশ্বৰ সৰ্ববৃহৎ হিচাপে খ্যাত কৰ্ণাটকৰ কেবাটাও মন্দিৰে আৰম্ভ কৰিব অনলাইন পূজা।

কৰ্ণাটকৰ কেবাটাও মন্দিৰে চৰকাৰৰ ওচৰত মন্দিৰবোৰ খুলি দিব অনুৰোধ কৰিছিল যদিও চৰকাৰে মান্তি নহ'ল। যাৰ বাবে মন্দিৰৰ পৰিচালনা সমিতিয়ে লৈছে অনলাইন উপাসনাৰ সিন্ধান্ত। কৰ্ণাটকৰ ১৫খন জিলাত এনে অনলাইন উপাসনা প্ৰযোজ্য হ'ব। মন্দিৰ সমূহে পূজা, উপাসনাবোৰ ভিডিঅ কলিং, ফেচবুক লাইভ আৰু নিজস্ব ৱেব পৰ্টেল যোগে প্ৰচাৰ কৰিব আৰু ভক্ত সকলে অনলাইনতে ঘৰত বহি সেৱা, উপাসনা পূজাৰীৰ আশীৰ্বাদ কৰিব পাৰিব।

 

আনকি অনলাইন উপাসনাত ভাগ লোৱা সকলক ঘৰতে মন্দিৰ কৰ্তৃপক্ষই প্ৰসাদৰ হোম ডেলিভাৰী দিবলৈ সিন্ধান্ত গ্ৰহন কৰিছে। বেংগেলুৰুৰ বনশংকৰী মন্দিৰ, সোনাদাট্টি য়াল্লামা মন্দিৰ, চামুন্দেশ্বৰী মন্দিৰ, দুৰ্গা পৰমেশ্বৰী আৰু কুক্কী সুব্ৰমণিয়ম মন্দিৰত এই অনলাইন সেৱা উপলব্ধ হব। অহা সপ্তাহৰ পৰা এই অনলাইন উপাসনা আৰম্ভ হব।

মুঠতে এতিয়া কৰোনাই সলনি কৰি পেলালে সকলো। অনলাইনে এতিয়া সকলোৰে হৈ পৰিব ভৰষা। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।