ৰে'লৰ পৰা পলাইছে শ্ৰমিক: অসমলৈ অহা ৰে'লত সংঘটিত এই ঘটনা

 05/25/2020 - 17:20

উৎপল কুমাৰ কলিতা: প্ৰতিদিনে অসমলৈ আহি আছে শ্ৰমিক এক্সপ্ৰেছ। দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত অসমৰ শ্ৰমিক সকল উভতিল ঘৰলৈ। এওঁলোক আহিছে বিভিন্ন ৰঙা তালিকাত থকা অঞ্চলৰ পৰা। সৰহভাগ দেশৰ ক'ৰনা আক্ৰান্তৰ শীৰ্ষৰ তিনি ৰাজ্য মহাৰাষ্ট্ৰ, তামিলনাডু আৰু গুজৰাটত পৰা আহিছে। ইতিমধ্যে অসমত বানপানী বঢ়াদি বাঢ়িচে ক'ৰনা আক্ৰান্ত। আক্ৰান্তৰ ৮৫ শতাংশ বহিঃৰাজ্যৰ পৰা অহা। তাৰ মাজতে এক ভয়ংকৰ ঘটনা। অসমলৈ অহা শ্ৰমিক এক্সপ্ৰেছত সংঘটিত হ'ল এই ঘটনা। ষ্টেচনৰ পৰা নি ৰে'লযাত্ৰী সকলক ব্যৱস্থা কৰা হৈছে ক'ৰনা পৰীক্ষা আৰু কোৱাৰেনটাইনৰ। আৰু কোৱেৰান্টাইন হোৱাৰ ভয়তে এই সকলে কৰিলে ভয়ংকৰ কাণ্ড। ৰে'লৰ চেইন টানি ৰখাই এজন এজনকৈ ১৫ জন যুবকে ৰেলৰ পৰা জপিয়াই কৰিছে পলায়ন।

ইফালে পলায়ন কৰা সকলৰ তথ্য অসম আৰু বংগ আৰক্ষীয়ে বিচাৰি আছে যদিও এই পৰ্যন্ত পোৱা নাই। ইয়াৰে এজনৰ দেহটো যদি ক'ভিড সংক্ৰমন থাকে তেন্তে হব পাৰে ভয়াবহ ঘটনা। কিন্তু কেনেদৰে পলাব পাৰিলে এইসকলে। কিয় শ্ৰমিক ৰে'লত নাই নিৰাপত্তা তথা পৰ্যপ্ত ৰে'ল আৰক্ষী।

বিহাৰত অসমলৈ অহা শ্ৰমিক ৰে'লত আক্ৰমনৰ পিছত এই দৃশ্যই সৃষ্টি কৰিছে বহু প্ৰশ্নৰ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।