দিল্লীত গ্ৰেপ্তাৰ অসম তনয়া দেবাংগনাক: কা বিৰোধী প্ৰতিবাদ হ'ল দেবাংগনাৰ অপৰাধ

 05/25/2020 - 18:18

উৎপল কুমাৰ কলিতা: লকডাউনৰ সুযোগত চৰকাৰৰ লক্ষ্য হৈ পৰিছে কা আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী। সৰ্বনাশী কাৰ প্ৰতিবাদ কৰাৰ অপৰাধত এইবাৰ দিল্লীত গ্ৰেপ্তাৰ অসম তনয়া দেবাংগনা কলিতাক। দিল্লীত নাৰীমুক্তি আন্দোলনৰ বাবে পিঞ্জৰা তোড় নামৰ এক সংগঠনৰ জড়িয়তে চিনাকি হৈ পৰা গৱেষণাৰ ছাত্ৰী দেবাংগনা কলিতাক দিল্লী আৰক্ষীয়ে দক্ষিণ দিল্লীৰ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ফেব্ৰুৱাৰীত হোৱা জাফৰবাদৰ কা প্ৰতিবাদ স্হলীত আৰক্ষীৰ কামত বাধা দিয়া আৰু আৰক্ষীক আক্ৰমন তথা প্ৰতিবাদ কাৰীক উচতনি দিয়াৰ অপৰাধত ভাৰতীয় দণ্ডবিধিৰ ১৮৬ আৰু ৩৫৩ অলুসৰি দেবাংগনাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়তো পিঞ্জৰা তোড়ৰ পৰা জংগী প্ৰতিবাদৰ আঁচনি লোৱা হৈছিল। একে অভিযোগ মতে দেবাংগনাৰ সতীৰ্থ নাটাশা নৰৱালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দিল্লী আৰক্ষীৰ বিশেষ শাখাই সম্প্ৰতি দুয়োকো জেৰা অব্যাহত ৰাখিছে।

ইফালে পিঞ্জৰা তোড় ৰ পৰা এক বিবৃতিত প্ৰকাশ কৰা মতে দেবাংগনা আৰু নাটাশাক ভুৱা অভিযোগ দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লকডাউনৰ সুযোগত চৰকাৰ ব্যস্ত হৈ পৰিছে কা বিৰোধী সকলৰ প্ৰতি আক্ৰোশ পূৰনাত। নিকৃষ্ট ষড়যন্ত্ৰৰে চৰকাৰে লকডাউনৰ পাছত যাতে কা আন্দোলন মুৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে এজনৰ পাছত এজন কা আন্দোলন কাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। বহুতক বাৰম্বাৰ জেৰাৰ বাবে তলব কৰি হাৰাশাস্তি কৰা হৈছে।

ইতিমধ্যে দিল্লীত প্ৰায় ১৩০০ ছাত্ৰ ছাত্ৰীক কা বিৰোধী স্হিতি বাবে গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ শেহতীয়া বলি হল অসম তনয়া দেবাংগনা কলিতা। উল্লেখযোগ্য যে ডিব্ৰুগড় মেডিকেল কলেজৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ হেম কলিতাৰ দুহিতা দেবাংগনাই জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত ৱমেন ষ্টাডিজৰ ওপৰত এম ফিল কৰি আছে। একেদৰে নাটাশা একেখন বিশ্ববিদ্যালয়ত হিষ্টৰিকেল ষ্টাডিজৰ ওপৰত পিএইচডি কৰি আছে।

ইতিমধ্যে এমনেষ্টী ইন্টাৰনেচলকে ধৰি বিভিন্ন সংগঠনে দাবী কৰিছে দেবাংগনা আৰু নাটাশাৰ মুক্তিৰ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।