নিমিষতে উছন কৰিছে হাজাক হাজাৰ বিঘাৰ কৃষিভূমি: ফৰিং জাতীয় পোকৰ কবলত কেবাখনো ৰাজ্য

 05/27/2020 - 14:10

উৎপল কুমাৰ কলিতা: ক'ৰনা, আমফান, ঘূৰ্ণী বতাহ নহয় এইবাৰ ভাৰতত ৰেড এলাৰ্ট ঘোষণা কৰিব লগা হৈছে পোকৰ বাবে। সূচনা হৈছে ভয়ংকৰ পৰিবেশ। লাখ লাখ পোকে নিমিষতে উছন কৰি পেলাইছে কৃষিভূমি। কেবাখনো ৰাজ্যত হাহাকাৰ পৰিবেশ। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশত হাহাকাৰ। চৌদিশে চানি ধৰিছে পাকিস্তানৰ দিশৰ পৰা অহা কাকতি ফৰিং জাতীয় এবিধ পোকে। নিমিষতে পথাৰ চানি ধৰি নিশেষ কৰিছে খাদ্য শস্যৰ ফচল।

ইতিমধ্যে প্ৰায় ৫ লাখ হেক্টৰ মাটিৰ শস্যৰ খেতি নিশেষ কৰিছে ফৰিং বিধে। অকল পথাৰে নহয় গাঁও, চহৰ সকলোতে কেবল ফৰিং আৰু ফৰিং। গছৰোৰৰ সেউজীয়া দেখা নাযায় ফৰিং বোৰে আবৰি ৰখাৰ বাবে বগা দেখা যায়। ধ্বংস কৰিছে বহু গছ-গছনিও। ঘৰৰ পৰা মানুহ বাহিৰ ওলাব নোৱাৰা অৱস্হা হৈছে। ৰাতি হ'লে পোহৰ জ্বলাব নোৱাৰে। পোহৰ জলালে হাজাৰ হাজাৰ ফৰিং ভৰি পৰে। কোনো প্ৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই ফৰিংৰ আক্ৰমন। অসহায় হৈ পৰিছে সকলো।

ইতিমধ্যে শেহতীয়াকৈ দিল্লী অভিমুখে গতি কৰিছে ফৰিংবিধে। ইফালে ৰাষ্ট্ৰসংঘৰ কৃষি আৰু খাদ্য সংস্হাৰ সকীয়নী জুনৰ মাহত ইয়াৰ ক্ৰম অধিক সম্প্ৰসাৰিত হ'ব আৰু নতুন নতুন ৰাজ্যলৈ ই বিয়পি পৰি কৃষি ক্ষেত্ৰত গুৰুতৰ প্ৰভাব পেলাব।

ইতিমধ্যে সংশ্লিষ্ট ৰাজ্যবোৰৰ বহু স্হানত ফৰিংৰ আক্ৰমৰ বাবে জাৰি কৰিব লগা হৈছে ৰেড এলাৰ্ট। দেশৰ কৃষিপ্ৰধান ৰাজ্য কেইখনত ফৰিংৰ আক্ৰম সোকালে প্ৰতিৰোধ নহ'লে দেশৰ অৰ্থনীতিত চৰম প্ৰভাব পৰাৰ লগতে তীব্ৰ খাদ্য সংকট সৃষ্টি নিশ্চিত হৈ পৰিছে।

এতিয়া ক'ৰনাৰ সমান্তৰালভাবে ভাৰতত আৰম্ভ হৈছে আন এক যুঁজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।