২০২০ৰ খ্ৰীষ্টমাছত জিকিব কোন: আমিৰ নে ঋত্বিক?

 05/04/2019 - 15:12

ডিজিটেল ডেস্ক: ২০২০ত মুক্তি পাবলগীয়া অভিনেতা আমিৰ খানৰ ছবি 'লাল সিঙ ছদ্দা'য়ে ব্যাপক চৰ্চা লাভ কৰিছে। বলিউড ছুপাৰষ্টাৰ আমিৰ খানৰ আগন্ত্তক ছবিখনৰ মুক্তিৰ দিন সদৰী কৰা হৈছে।

ট্ৰেড এনালিষ্ট তৰণ আদৰ্শয়ে টুইটাৰযোগে প্ৰকাশ কৰা মতে, ছবিখন অহা বছৰ খ্ৰীষ্টমাছৰ সময়ত মুক্তিলাভ কৰিব। ছবিখনৰ স্ক্ৰিপ্ত লিখিছে অতুল কুলকৰ্ণীয়ে আৰু নিৰ্দেশনা দিছে অদ্বেত চৌহানে। ছবিখনৰ মুখ্য ভূমিকাত থাকিব আমিৰ খান।

আমিৰ খানৰ এই ছবিখনৰ মূল প্ৰতিদ্বন্দ্বি হিচাপে থিয় দিব অভিনেতা ঋত্বিক ৰোশনৰ ছবি 'কৃষ-৪'। কিয়নো, অভিনেতা ঋত্বিক ৰোশনৰ 'কৃষ-৪' ছবিখনো অহা বছৰৰ খ্ৰীষ্টমাছৰ সময়তে মুক্তিলাভ কৰিব। দুয়োখন যিহেতু বিগ বাজেটৰ ছবি সেয়ে কোনো এজন অভিনেতাই ছবিৰ মুক্তিৰ দিন পিছুৱাব নেকি সেইয়া লক্ষ্যণীয় হ'ব।

উল্লেখ্য যে, আমিৰ খানৰ পূৰ্বৰ ছবি আছিল 'ঠগছ অব হিন্দুস্তান'। ছবিখনত তেওঁ প্ৰথমবাৰৰ বাবে অভিনেতা অমিতাভ বচ্চনৰ লগত অভিনয় কৰিছিল।

কিন্ত্ত ছবিখনে বক্স অফিচত বৰ বিশেষ ভাল ফল দেখুৱাবলৈ সক্ষম নহ'ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।