ডিঙিত গামোচা লৈ আৰ্ত শ্ৰমিকৰ লগত বলিউড ষ্টাৰ: ১৫শ অসহায় প্ৰবাসী শ্ৰমিকক পঠালে ঘৰলৈ, দিলে সাহায্য

 05/30/2020 - 13:34

উৎপল কুমাৰ কলিতা: অভিনেতা চনু সুদৰ পাছত এইবাৰ প্ৰবাসী শ্ৰমিকৰ বাবে দেবদূত হৈ আহিল অভিনেত্ৰী স্বাৰা ভাস্কৰ। অৱশ্যে বলিউডৰ অন্য তাৰকাতকৈ কিছু সুকীয়া স্বাৰা। কা, সাম্প্ৰদায়িকতা বিৰোধী সংগ্ৰাম, সংবিধান ৰক্ষাৰ বাবে সৰৰ স্বাৰা সততে দেখা যায় ৰাজপথত। এইবাৰ ব্যতিক্ৰমী ৰূপত স্বাৰা। ৰাজপথত ডিঙিত অসমীয়াৰ স্বাভিমান গামোচাখন মেৰিয়াই স্বাৰা নামি পৰিছে শ্ৰমিকক উদ্ধাৰত।

যিটো সময়ত চৰকাৰ শ্ৰমিকৰ সংকট মোচনত ব্যৰ্থ সেই সময়ত আৱদ্ধ অসহায় শ্ৰমিকক উদ্ধাৰ কৰি ঘৰলৈ পঠোৱা কামত ব্যস্ত হৈ পৰিছে স্বাৰা। প্ৰখৰ ৰদত গামোচা এখন মেৰিয়াই ৰাজপথে ৰাজপথে ঘুৰি ফুৰিচে। স্বাৰাই নিজৰ টুইটাৰক পৰিনত কৰিছে শ্ৰমিক সেৱা কেন্দ্ৰত। টুইটাৰত ছাৰাৰ আহ্বান দিল্লী বা আশে পাশে যিসকল শ্ৰমিক আৱদ্ধ তেওঁ লোকক তেওঁৰ সৈতে যোগাযোগ কৰিব। ইয়াৰ বাবে টুইটাৰত দিছে এখন প্ৰপত্ৰ।

 

ইতিমধ্যে স্বাৰাই চৰকাৰৰ অনুমতি লৈ নীতি নিয়মৰ মাজেৰে নিজৰ ধন খৰছ কৰি ১৫০০ শ্ৰমিকক দিল্লীৰ পৰা বাছেৰে নিজ নিজ ৰাজ্যলৈ প্ৰেৰ কৰিছে। শ্ৰমিক সকলক লগ কৰি দিছে জোতা, চেণ্ডেল, কাপোৰৰ একোটা টোপোলা। হয়টো তেওঁ লকডাউনৰ সময়খিনি ঘৰত আৰামী ভাবে কটাব পাৰিলে হয় কিন্তু স্বাৰা সদায় ব্যতিক্ৰম।

য'ত মানবতাৰ আৰ্তনাদ দেখিছে, য'ত গতন্ত্ৰ সংকটত পৰিছে, য'ত অন্যায় অত্যাচাৰ দেখিচে ততে থিয় হৈচে স্বাৰা। স্বাৰাৰ এই প্ৰয়াসে আজি অজস্ৰ স্ৰমিকৰ বাবে হৈ পৰিছে আশা। ৰিয়েল হিৰোইন হৈ পৰিছে স্বাৰা ভাস্কৰ। আমিও জনালো স্বাৰাৰ এই প্ৰয়াসৰ বাবে অভিনন্দন। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।