ৰীমা দাসলৈ 'ছামৱান টু ৱাটছ' বঁটা

 03/02/2019 - 15:34

ডিজিটেল ডেস্কঃ 'ভিলেজ ৰকষ্টাৰ্ছ' ছবিৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবি জগতত উজলি উঠা অসম কন্যা ৰীমা দাসক প্ৰদান কৰা হ'ব 'ছামৱান টু ৱাটছ' বঁটা। অহা ২৭ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অহিঅ' ক্লেভেলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত এই বঁটা প্ৰদান কৰা হ'ব। ৰীমা দাস পৰিচালিত 'ভিলেজ ৰকষ্টাৰ্ছ' ছবিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা বঁটা বুটলিবলৈ সক্ষম হৈছে।

মহোৎসৱে মুকলি কৰা এক বিবৃতি মতে,পৰিচালক গৰাকীৰ 'ভিলেজ ৰকষ্টাৰ্ছ' আৰু বুলবুল কেন ছিং' ছবি দুখনে অতি জনপ্ৰিয়তা লাভ কৰিছে আৰু ছবি দুখনত বাস্তৱ জীৱনৰ অভিজ্ঞতা সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে। যাৰ ফলত ই দৰ্শকৰ নিচেই কাষ চাপিবলৈ সক্ষম হৈছে। ৪৩ সংখ্যক এই মহোৎসৱত ছবি দুখন প্ৰদৰ্শনৰ ব্যৱস্থাও গ্ৰহণ কৰিছে আয়োজক মণ্ডলীয়ে। উল্লেখ্য যে,ছবিৰ এই প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থাকিব ৰীমা দাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।