প্ৰিয়ংকা-দিপীকাৰ বেশভূষাই ব্যাপক চৰ্চা লাভ কৰিছে 'মেট গালা-২০১৯'ত

 05/07/2019 - 15:40

ডিজিটেল ডেস্ক: নিউয়ৰ্কৰ মেট্ৰ'পলিটান মিউজিয়াম অব আৰ্টত আয়োজিত 'মেট গালা-২০১৯'ত অভিনেত্রী প্ৰিয়ংকা চোপ্ৰাৰ বেশভূষাই ব্যাপক চৰ্চা লাভ কৰিছে। মঙলবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰিয়ংকাৰ উপৰি মোহময়ী অভিনেত্রী দিপীকা পাডুকনকো দেখা পোৱা যায়।

অনুষ্ঠানটোত দুয়োগৰাকী অভিনেত্রীৰ ব্যতিক্ৰমী বেশভূষাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰিয়ংকা চোপ্ৰাই এই বৰ্ষৰ সৈতে তৃতীয় বাৰৰ বাবে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আৰু তেওঁৰ স্বামী নিক জোনছৰ সৈতে এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

এই দম্পত্তিদ্বয়ে অতি বিলাসী ব্ৰেণ্ড 'ডিয়োৰ'ৰ ড্ৰেছ পৰিধান কৰিছিল। আনহাতে দিপীকাই 'জেন প'জন' ব্ৰাণ্ডৰ মেটেলিক পিঙ্ক গাউন পৰিধান কৰিছিল। 'মেট গালা'ৰ প্ৰিয়ংকা আৰু দিপীকাৰ ফটোৱে এতিয়া ইণ্টাৰনেটত খলকনি তুলিছে।

ৰেড কাৰ্পেটৰ এই ফটোসমূহে সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা লাভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।