অক্ষয় কুমাৰৰ সৈতে এইবাৰ মানুসী

 05/08/2019 - 17:30

ডিজিটেল ডেস্ক: 'মিছ ৱৰ্ল্ড ২০১৭'ৰ খিতাপ বিজয়ী মানুসী চিল্লাৰে খিতাপ অৰ্জন কৰাৰ পিছৰেপৰাই বলীউডত বিশেষ চৰ্চা লাভ কৰি আহিছে। লগতে তেওঁৰ শুভাকাংক্ষীসকলেও তেওঁ বলিউডত এণ্ট্ৰি মাৰিব বুলি আশা কৰি আহিছিল।

লগতে মিছ ৱৰ্ল্ড গৰাকীয়েও প্ৰায়েই সংবাদ মাধ্যমত বলীউড তাৰকা আমিৰ খানৰ সৈতে কাম কৰিবলৈ ইচ্ছুক বুলি মত প্ৰকাশ কৰি আহিছে। কিন্তু বৰ্তমান সংবাদ মাধ্যমক তেওঁ জনোৱা মতে তেওঁ বলীউডত প্ৰথম খোজ পেলাব খিলাড়ী অক্ষয় কুমাৰৰ সৈতে।

'পৃথৱীৰাজ চোহান' নামৰ ছবিখনৰ জৰিয়তে মানুসী চিল্লাৰক দেখিবলৈ পোৱা যাব এক নতুন ৰূপত, যাৰ বাবে বৰ্তমান তেওঁ ব্যস্ত হৈ আছে ছবিখনৰ অনুশীলনৰ কামত।

এই ঐতিহাসিক ছবিখন পৰিচালনা কৰিব চন্দ্ৰ প্ৰকাশে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।