শিৱসাগৰত আলফাৰ নামত ধন দাবী, আৰক্ষীৰ জালত পৰিল ৬ জনীয়া ভুৱা আলফাৰ দল

 09/02/2020 - 17:10

 

 


শিৱসাগৰঃ একাংশ ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত শিৱসাগত আৰক্ষীৰ অভিযান। অভিযানত আৰক্ষীৰ জালত পৰিল ৬ জনীয়া ভুৱা আলফাৰ দল৷ চক্ৰটোৱে শিৱসাগৰ জিলাত আলফাৰ নামত ধন দাবী কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। আৰক্ষীৰ জালত শিৱসাগৰৰ ভটিয়াপাৰৰ মানৱজ্যোতি মহন্ত, অৰ্জুন ভড়ালী, কৌস্তভ চেতিয়া, মাধূৰ্য চেতিয়া, দীপাংকৰ দাস আৰু অমূল্য চাংমাই।

ভুৱা আলফাৰ দলটোৱে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ দীপাংকৰ দাসৰ কম্পিউটাৰ চেন্টাৰত আলফাৰ পেড বনাই ধন দাবী কৰি আহিছিল বিভিন্ন পক্ষক। ধৃত ভুৱা আলফাৰ দলটোৰ পৰা বহুকেইটা ম'বাইল, লেপটপ, প্ৰিন্টাৰ আদি জব্দ। ধৃত সদস্যক লৈ শিৱসাগৰ আৰক্ষীৰ অভিযান। ভুৱা চক্ৰ উৎখাত হোৱাৰ সম্ভাবনা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।