মালিগাঁৱৰ ৰে'লৱে মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

 03/07/2019 - 18:36

গুৱাহাটী: মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে মুখ্য কাৰ্যালয়ৰ সন্মুখত সৰ্বভাৰতীয় অনুসূচীত জাতি জনজাতিৰ ৰে'ল কৰ্মচাৰীৰ শতাধিক কৰ্মচাৰীয়ে তেওঁলোকৰ বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সংস্থাটোৰ উত্তৰ-পূব সীমান্ত ৰে'লৱে মাণ্ডলিক সভাপতি বি বড়ো আৰু সম্পাদক তাৰণি চৰণ দাসৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

উল্লেখযোগ্য যে, আগন্ত্তক দিনৰে পৰা এওঁলোকে চৰকাৰী সংস্থা তথা অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। সংবিধানৰ ১১৭ নং অনুচ্ছেদত অনুসূচীত জাতি জনজাতিৰ বাবে সংৰক্ষিত পদোন্নতিৰ ব্যৱস্থা কৰা,কৰ্মৰত সময়সীমা নিয়মীয়াকৰণৰ ব্যৱস্থা, ব্যক্তিগত খণ্ডটো এওঁলোকৰ সংৰক্ষণৰ ব্যৱস্থা, পূৰ্বৰ পেঞ্চন নীতি বাহাল ৰখা আৰু নতুন পেঞ্চন নীতি বাতিল কৰাৰ উপৰি ৰে’লৱে বাহন,অভিযন্তাৰ শতাধিক কাম ব্যক্তিগতকৰণ বন্ধ কৰা, খালী পদ পূৰণৰ দাবীৰে আজি ৰাতিপুৱা ১০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী বাহাল থাকে বুলি মত প্ৰকাশ কৰে সম্পাদকগৰাকীয়ে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।