বিজেপিক ভালপোৱা অগপক সমালোচনা এলডিপিৰ

 03/07/2019 - 19:56

গুৱাহাটী: আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আঞ্চলিক দল অগপৰ দুৰ্বল স্থিতিক সমালোচনা কৰিছে এলডিপিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰাই। আজি গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত এক সংবাদমেলত বৰাই আঞ্চলিক দলটোৰ তীব্ৰ সমালোচনা কৰি কয় যে, বিজেপিৰ সভাপতি অমিত শ্বাহে লক্ষীমপুৰৰ জনসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬)ৰ সপক্ষে সদম্ভে ঘোষণা কৰি যোৱাৰ পিছত বিধায়কখনৰ বিৰোধিতাৰে বিজেপিৰ সংগ ত্যাগ কৰা অগপই আকৌ বিজেপিক সংগ দিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

অগপৰ এই কাৰ্যই তৃণমূল পৰ্যায়ৰ নিষ্ঠাবান কৰ্মীক হতাশ কৰিছে। এইয়াই নেকি অগপ দলৰ ৰাজনৈতিক নৈতিকতা বুলিও বৰাই প্ৰশ্ন উত্থাপন কৰে। লগতে বৰাই উল্লেখ কৰে যে,কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰোধিতাৰে বিকল্প হিচাপে ৰাইজে বিজেপিক নিৰ্বাচিত কৰিছিল। কিন্ত্ত বিজেপিৰ প্ৰতিও ৰাইজৰ মোহভংগ হয়।

বহু জাতি জনগোষ্ঠীৰ মিলনভূমি অসমৰ সমস্যাসমূহ উপলব্ধি কৰাত ব্যৰ্থ হৈছে ৰাষ্ট্ৰীয় দলটো। সেয়ে আঞ্চলিক দলৰ প্ৰাসংগিকতা ৰাইজে প্ৰবলভাৱে উপলব্ধি কৰিছে। গতিকে, এলডিপিয়ে সকলো আঞ্চলিক দলক একত্ৰিত হৈ অসমৰ ৰাইজৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।