মালিগাঁৱত নাৰী দিৱস উদযাপন

 03/08/2019 - 18:17

গুৱাহাটী: আজি আন্তঃৰ্জাতিক নাৰী দিৱস। ৮ মাৰ্চত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পালন কৰা হয় নাৰী দিৱস। নাৰীসকলৰ সন্মান,সুৰক্ষা,সম অধিকাৰৰ দিন হিচাপে ১৯৭৫ চনৰ ৮ মাৰ্চৰ দিনটো নাৰী দিৱস হিচাপে স্বীকৃতি দিছিল ৰাষ্ট্ৰসংঘই।

গুৱাহাটী মহানগৰীতো বিভিন্ন স্থানত উদযাপন কৰা হয় নাৰী দিৱস। সৰ্বভাৰতীয় ৰে'ল কৰ্মচাৰী সংস্থাৰ মহিলা গোটৰদ্বাৰা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সদৰ কাৰ্যালয়ত নাৰী দিৱস উপলক্ষে এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত নাৰী দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন কৰে উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্মচাৰী সন্হাৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই ।

এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক সম্ভাষণ জনাই মহিলা গোটৰ সদস্যসকলে। এই অনুষ্ঠানত নাৰী দিৱসৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতাৰ লগতে সংগীত নৃত্যও প্ৰদৰ্শন কৰা হয়। প্ৰত্যেক বছৰৰ দৰে এইবাৰো মহানগৰীৰ মালিগাঁ‍ৱত ৰে'ল কৰ্মচাৰী সংস্থাৰ মহিলা শাখাৰ উদ্যোগত নাৰী দিৱস উদযাপন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।