কৃষকক আকৰ্ষিত কৰাৰ লক্ষ্য বিজেপিৰ

 03/08/2019 - 19:08

গুৱাহাটীঃ উত্তৰ-পূৱৰ কৃষকসকলে অহা ৫ বছৰৰ ভিতৰত নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ লাভ কৰিব এখন আন্তঃজাৰ্তিক বজাৰ।এই দাবী ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ। শুকুৰবাৰে গুৱাহাটী আৱৰ্ত ভৱনত এক সংবাদ মেলত কৃষক মৰ্চাৰ নেতৃবৃন্দই কয় যে ইতিমধ্যে অঞ্চলটোৰ কৃষকসকলৰ বাবে বিজেপি চৰকাৰে ৭৫ হাজাৰ কোটি টকা মোকলাই দিছে। সংবাদ মেলত কৃষক মৰ্চাৰ নেতৃত্বই সমাগত লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ইস্তাহাৰত কৃষকসকলৰ সুবিধাৰ বাবে কি কি বিষয় অন্তৰ্ভূক্ত কৰিব সেই সম্পৰ্কেও অৱগত কৰে। আজিৰ সংবাদমেলত শাসনাধিষ্ঠ দলটোৱে কৃষকসকলক আকৰ্ষিত কৰিবলৈ তৎপৰ হৈ পৰাৰ ইংগিত বহন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।