১৭ এপ্ৰিলত মুক্তি লাভ কৰিব 'কলংক'ই

 03/09/2019 - 18:38

ডিজিটেল ডেস্ক: বলিউডৰ ছবি নিৰ্মাতা কৰণ জোহৰৰ ছবি 'কলংক'ই অহা ১৭ এপ্ৰিলত মুক্তি লাভ কৰিব। যদিও ছবিখন ১৯ এপ্ৰিলত মুক্তি লাভ কৰাৰ কথা আছিল বিশেষ কাৰণত ছবিখন মুক্তিৰ দিন আগুৱাই দিয়া হয়। ৮০ কোটি টকা বাজেটেৰে নিৰ্মাণ হ'বলগীয়া এই ছবিখন পৰিচালনা কৰিছে কৰণ জোহৰ আৰু ছাজিদ নাদিয়াবালাই।

বৰুণ ধাৱান আৰু আলীয়া ভাট অভিনীত এই ছবিখনৰ প্ৰথম পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে। ছবিখনত অভিনয় কৰিছে বলৰাজ,সঞ্জয় দত্ত,সোণাক্ষী সিনহা আদি তাৰকাই। এই ছবিখন নিৰ্মাণ কৰিব বুলি ২০১৮ বৰ্ষতেই জোহৰে জানিবলৈ দিছিল। এই ছবিখনক লৈ যথেষ্ট আশাবাদী বুলি তেওঁ ব্যক্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।