মদ নিষিদ্ধকৰণৰ দাবীত গণ আন্দোলন

 03/09/2019 - 19:32

গুৱাহাটী: মদ প্ৰতিৰোধত চৰকাৰৰ ষড়যন্ত্রমূলক নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে আৰু সমগ্ৰ ৰাজ্যত মদ নিষিদ্ধকৰণৰ দাবীত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্যে আজি সদৌ ভাৰত মহিলা সাংস্কৃতিক সংগঠন, অল ইণ্ডিয়া ডি এছ অ' আৰু অল ইণ্ডিয়া ডি ওৱাই অ'ৰ উদ্যোগত ৰাজ্যিক ছাত্র-যুৱ-মহিলা অভিবৰ্তনৰ কৰ্মীসকলে লক্ষীৰাম বৰুৱা সদনৰপৰা দিনৰ ১২ বজাত এক প্ৰতিবাদী সমদল আৰু দিনৰ ২ বজাত এখন গণ অভিৱৰ্তনৰ আয়োজন কৰে ।

যোৱা ২২ তাৰিখে গোলাঘাট আৰু যোৰহাট জিলাত সংঘটিত সুৰাকেন্দ্ৰিক ঘটনাত চৰকাৰৰ উদাসীনতাত ক্ষোভ প্ৰকাশ কৰে এ আই এম এছ এছৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক বৰ্ণালী শৰ্মাই। লগতে তেওঁ উল্লেখ কৰে যে, বিজেপিয়ে ক্ষমতালৈ অহাৰ পিছতে প্ৰতিশ্ৰুতি দিছিল যে কংগ্ৰেছৰ আমোলত গঢ়ি উঠা বিভিন্ন ধৰণৰ চিণ্ডিকেটসমূহ উৎখাত কৰি দুৰ্নীতি মুক্ত অসম গঢ়ি তুলিব। কিন্তু তাৰ বিপৰীতে দেখা গল ওলোটা দৃশ্য। সকলো ক্ষেত্ৰতেই চিণ্ডিকেটৰাজ অধিক শক্তিশালীহে হৈছে।

চৰকাৰৰ পৃষ্ঠপোষকতাতে যোৰহাটত পশুখদ্য হিচাপে বিবেচিত লালি গুড়ৰ বৃহৎ চিণ্ডিকেট চলি আছে। এই অখাদ্য লালি গড় চুলাই মদ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰি আহিছে যদিও চৰকাৰে কোনোধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত সমগ্ৰ ৰাজ্যখনত চুলাই মদ সহ নানাধৰণৰ নিচা জাতীয় দ্ৰব্যৰ সুলভ ব্যৱসায় আৰম্ভ হৈছে। এই সমদলত উপস্থিত থাকে এন আই এম এছ এছ অসম ৰাজ্যিক কমিটিৰ সভাপতি ইনা হুচেইন, সম্পাদক বৰ্ণালী শৰ্মা, এ আই ডি এছ অ' অসম ৰাজ্যিক কমিটিৰ সভাপতি জিতেন্দ্ৰ চলিহা, সম্পাদক প্ৰজ্জ্বল দেৱ, এ আই ডি ৱাই অ' সভাপতি ওমান গণি মোল্লা, সম্পাদক তুষাৰ পুৰকায়স্থ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।