কামপুৰৰ কচুৱাৰ বিৰিঙাআটিত হোম কোৱাৰেন্টাইনত থকা লোকৰ খাদ্যৰ হাহাকাৰ কৰা অভিযোগঃ খাদ্য-সামগ্ৰী যোগান ধৰাৰ দাবী বিজেপি নেতাৰ

 06/11/2021 - 13:11

 

 

কামপুৰঃ কামপুৰৰ কচুৱাৰ বিৰিঙাআটিত হোম কোৱাৰেন্টাইনত থকা লোকৰ খাদ্যৰ বাবে হাহাকাৰ কৰা অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে‌‌ এঘাৰ দিন ধৰি কোৱাৰেন্টাইন হৈ আছে সাংবাদিক তিলেশ্বৰ দাস। কিন্ত পৰিয়ালটোৱে কোনো ধৰণে চৰকাৰী খাদ্য-সামগ্ৰী নোপোৱাৰ  অভিযোগ উত্থাপিত হৈছে। আনফালে গাঁওখনৰ আন‌ কেইবাটাও পৰিয়াল।

প্ৰশাসনৰ লোকে খৱৰ নোলোৱাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে আজি বিজেপিৰ ন কিষাণ মচাৰ ৰাজ্যিক উপ সভাপতি উত্তম চন্দ্ৰ দাস‌ দুৰ্গতসকলৰ কাষত উপস্থিত হয় আৰু প্ৰশাসনক পৰিয়াল কেইবাটাক খাদ্য-সামগ্ৰী যোগান ধৰাৰ দাবী জনায়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।