জামুগুৰিহাটৰ ইটাখোলাত কন্যকা বিপনীৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ মাতৃ ৰামেশ্বৰী হাজৰিকাৰ

 06/11/2021 - 13:31


 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ ইটাখোলা ব্যৱসায় কেন্দ্ৰত আজি (শুকুৰবাৰে) চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মাতৃ ৰামেশ্বৰী  হাজৰিকাই কন্যকা বিপনীৰ শুভ উদ্বোধন কৰে৷ বিধায়ক গৰাকীৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ উদ্যোগত যি সুস্বাদু দৈ, ক্ৰিম, পনিৰ, মিঠাই, বাটাৰ, ঘিউ, পেড়াৰ লগতে বিভিন্ন সামগ্ৰী বিশুদ্ধতাৰে প্ৰস্তুত কৰা হয় সেই সুস্বাদু খাদ্য-সামগ্ৰীসমুহৰ লগতে কন্যকা খাটি সৰিয়হৰ তেলৰ বটল উপলব্ধ হোৱাকৈ চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত কন্যকা বিপনিসমুহ মুকলি কৰা হৈছে।

ৰাইজৰ সুবিধাৰ্থে আজি জামুগুৰিহাটৰ ইটাখোলা ব্যৱসায় কেন্দ্ৰত কন্যকা বিপনীৰ ৰঙা ফিটা কাটি শুভ উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাৰ মাতৃয়ে। উক্ত বিপনিখনি শুভাৰম্ভৰ পিছতে কন্যকাৰ পৰিচালক নিৰজ নিশিম হাজৰিকাই কয় যে কন্যকাৰ এই বিশেষ বিপনিখনৰ জৰিয়তে এই অঞ্চলৰ লোকসকলে বিশুদ্ধ দৈ, ক্ৰিম, মিঠাই, ঘিউ, বাটাৰৰ লগতে বিভিন্ন সুস্বাদু মিঠাইসমুহ ক্ৰয় কৰিব পাৰিব।

ইয়াৰ উপৰিও অনাগত দিনত টুপিয়া, ৰঙাচকুৱা, বালিজুৰি, ধলাইবিলতো কন্যকা বিপনিৰ মুকলি কৰাৰো সিদ্ধান্ত লোৱা হৈছে বুলিও  জানিবলৈ দিয়ে। উক্ত কন্যকা বিপনিখনৰ দ্বায়িত্ব গ্ৰহণ কৰে ইটাখোলা অঞ্চলৰ নিবনুৱা যুৱক পিঙ্কু গায়নে। শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।