প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ পত্নীৰ দেহাৱসান

 06/11/2021 - 18:43

 

 

নিউজ ডেস্কঃ হোজাইৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ পত্নীৰ দেহাৱসান। কৃষ্ণ নগৰস্থিত অৰ্ধেন্দু দে মালিকানাধীন দেজ নাৰ্ছিং হোমত পুৱা মৃত্যু হয় অৰ্ধেন্দু কুমাৰ দেৰ পত্নী মায়া দেৰ। ১ মাৰ্চ ১৯৪৩ চনত জন্মগ্ৰহণ কৰা মায়া দেৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৮ বছৰ।কিছুদিন পূৰ্বে কোৰোণাত আক্ৰান্ত হৈছিল যদিও কোৰোণাক পৰাজিত কৰাৰ পিছতো আন ৰোগৰ বাবে ভুগি আছিল অক্সিজেনৰ অভাৱত। ইফালে আজি শান্তিবন শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় মায়া দেৰ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।