মৈৰাবাৰীৰ দুৰাবান্ধী নৱজ্যোতি ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ

 06/11/2021 - 19:34

 

 

মৈৰাবাৰীঃ মৰিগাঁও জিলাৰ দুৰাবান্ধী গাঁৱত শুকুৰবাৰে পুৱা ৯ বজাত দুৰাবান্ধী নৱজ্যোতি ক্লাৱৰ উদ্যোগত সম্প্ৰতি চলি থকা ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত  মাস্ক বিতৰণ, ছেনিটাইজ আৰু বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। দুৰাবান্ধী গাঁৱৰ বিদ্যালয়, উপ স্বাস্থ্যকেন্দ্ৰৰ লগতে দোকান পোহাৰত ছেনিটাইজিং আৰু বৃক্ষ ৰূপন কৰি পথচাৰিক মাস্ক প্ৰদান কৰাৰ উপৰিও সকলোকে এখনকৈ বিনামূলীয়া মাস্ক আৰু ঘৰে ঘৰে গৈ ক’ৰণা সম্পৰ্কে সজাগতা কৰে৷

উক্ত কাৰ্য্যসূচীত মৈৰাবাৰী এফ আৰ ইউ ৰ চিকিৎসক আশ্ৰাফুল ইছলাম, মুস্তাফিজুৰ ৰহমান, সমাজসেৱক হাচেন আলী মাষ্টৰৰ লগতে দুৰাবান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল হাছিম আৰু অঞ্চলখনৰ কেবাজনো জ্যেষ্ঠ নাগৰিকৰ লগতে মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক শ্বৰিফুল  হক আৰু দুৰাবান্ধী নৱজ্যোতি ক্লাৱৰ সম্পাদক জইদুল ইছলাম তথা সদস্যসকল উপস্থিত থাকে। নৱজ্যোতি ক্লাৱৰ এনে কাৰ্য্যসূচী গ্ৰহণৰ বাবে অঞ্চলখনৰ সচেতন মহলে প্ৰশংসা কৰাৰ লগতে আগন্তুক দিনত সমাজৰ হৈ কাম কৰাৰ কাৰণে উৎসাহ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।