ৰঙিয়া থানাত উত্তপ্ত পৰিস্থিতিঃ পাঁচ গৰাকী সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীক আটক

 06/12/2021 - 14:23

 

ৰঙিয়াঃ যোৱা নিশা ৰঙিয়াৰ বিভিন্ন স্থানত আৰক্ষীয়ে তালাচী চলাই পাঁচ গৰাকী সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে৷ আটকাধীন ব্যক্তি কেইজন ক্ৰমে প্ৰদীপ চৌধুৰী, ৰুবুল আলী, আপচাৰ আলী, জেহৰুল হক আৰু চায়েদুৰ ৰহমান৷

উল্লেখযোগ্য যে প্ৰদীপ চৌধুৰী হল BJP দলৰ এজন কৰ্মী৷ BJP নেতা প্ৰদীপ চৌধুৰীৰ সমৰ্থনকাৰীসকলে ৰঙিয়া থানা চৌহদ ঘেৰাও কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আৰক্ষীৰ হাতত পৰ্যাপ্ত পৰিমাণে তথ্য প্ৰমাণ আছে বুলি উল্লেখ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।