নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবী গাঁৱত চাঞ্চল্যঃ দৰিদ্ৰ হিতাধিকাৰীক যোগান ধৰা চাউলত ওলাইছে প্লাষ্টিকৰ চাউল

 06/12/2021 - 17:42

 

বটদ্ৰৱাঃ অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত দৰিদ্ৰ হিতাধিকাৰীক যোগান ধৰা চাউলত ওলাইছে প্লাষ্টিক জাতীয় চাউল। নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবী গাঁৱত সংঘটিত হৈছে এই ঘটনা। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ অন্তৰ্গত একাংশ সুলভ মূল্যৰ দোকানীসকলে এইবাৰ যোগান ধৰিছিল এই চাউলসমূহ।

সুলভ মূল্যৰ দোকানীয়ে যোগান ধৰা চাউলত ৩০ শতাংশ প্লাষ্টিকৰ চাউল ওলোৱাৰ অভিযোগ উত্থাপন কৰিছে গঞা ৰাইজে। উক্ত বিষয় সন্দৰ্ভত এক ন্যায়িক তদন্ত কৰিবলৈ দাবী জনাইছে হাইডুবীবাসী ৰাইজে। প্লাষ্টিকৰ চাউল ওলোৱাৰ খবৰে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।