মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৪০,৪০৪ টকা আগবঢ়ালে চতিয়া সমষ্টিৰ চাৰিজন লোকে

 06/12/2021 - 18:18

 

জামুগুৰিহাটঃ ক’ভিড-১৯ টীকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আজি চাৰি গৰাকী ব্যক্তিয়ে ৪০,৪০৪ (চল্লিশ হেজাৰ চাৰিশ চাৰি) টকাৰ চেক আগবঢ়ায় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ হাতত৷

আজি পুৱা চাৰিজন লোক ক্ৰমে ধনপতি কাফলে, লক্ষী নেৱাৰ, লক্ষ্মণ নেৱাৰ আৰু ৰামজি চাহে কন্যকা বহুমূখী পামত উপস্থিত হৈ তেওঁলোকে নিজ হাতেৰে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ বাবে ১০,১০১  টকাকৈ চাৰিখন চেকসহ মুঠ ৪০,৪০৪ টকা বিধায়ক গৰাকীৰ হাতত অৰ্পণ কৰে। চতিয়া সমষ্টিৰ এই লোকসকলৰ মহানুভৱতাক আদৰণি জনাই ভূয়সী প্ৰশংসা কৰিছে সমষ্টিবাসী ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।