ই-ৰিক্সা চলাই স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মৰিগাঁও জিলাৰ এগৰাকী মহিলাই

 06/13/2021 - 12:53

 


মৰিগাঁওঃ ৰাজপথৰ ওপৰত ই ৰিক্সাৰ সৈতে জীৱন সংগ্ৰামত নামি পৰা এগৰাকী ব্যতিক্ৰমী মহিলা। এই ঘটনা মৰিগাঁও জিলাৰ। স্বামীৰ অনুপ্ৰেৰণাত জীৱন সংগ্ৰামত নামি পৰিছে এইগৰাকী মহিলাই। আন দহগৰাকী মহিলাক স্বাৱলম্বী হোৱাৰ সাহস যোগাইছে এইগৰাকী মহিলাই।

যি সময়ত অসমৰ পৰা বাহিৰলৈ সংস্থাপন বিচাৰি ধাপলি মেলিছে বহু যুৱক-যুৱতীয়ে তেনে সময়ত এইগৰাকী সাহসী নাৰীয়ে স্বামীৰ সৈতে ই-ৰিক্সাৰ চলাই নাৰী শক্তিৰ পৰিচয় দিছে মৰিগাঁও জিলাৰ গড়মাৰী শিক্ষিত মহিলাগৰাকীয়ে। আৰু তেখেতৰ এই সাহসিকতা দেখি অনুপ্ৰেৰণা দিবলৈ আগৱাহি আহিল যুৱ মৰ্চাৰ এটি দল, আৰু পদপথতে গামোছা পিন্ধাই সম্বৰ্ধনা জনাই। সচাকৈয়ে আমিও অভিভূত আমিও জনালোঁ অলেখ শুভকামনা।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।