কাকপথাৰত প্ৰাক্তন আলফাৰ গুৰুত্বপূৰ্ণ সংবাদমেলঃ সংস্থাপনৰ লগতে প্ৰাক্তন আলফা সদস্যৰ নিৰাপত্তা সুনিশ্চিতৰ দাবী, দাবী পূৰণ নহ’লে পুনৰ সংগঠনলৈ উভতি যোৱাৰ হুংকাৰ

 06/13/2021 - 17:36

 


কাকপথাৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আহ্বান মৰ্মে আত্মসৰ্মপনকাৰী আৰু একাংশ প্ৰাক্তন আলফাই কেইবাটাও সমস্যা সমাধানৰ দাবীত কাকপথাৰত এখন সংবাদমেলৰ আয়োজন কৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুল সুতিলৈ আহিলে সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেইয়া ৰক্ষা নকৰাৰ অভিযোগ কৰে প্ৰাক্তন আলফা সদস্যসকলে৷ সমান্তৰালভাৱে সদস্যসকলে বৰ্তমান নিৰাপত্তাহীনতাত ভুগি থকা বুলি মত প্ৰকাশ কৰে৷

আনহাতে আলফা(স্বা)য়ে স্বাস্থ্যজনিত কাৰণত অব্যাহতি দিয়া আলফা নেতা জীৱন মৰাণক ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ লগতে কিয় জেললৈ নিক্ষেপ কৰিলে বুলি প্ৰশ্ন কৰে৷ বিনাচৰ্তে জীৱন মৰাণক মুকলাই দিয়াৰ দাবী উত্থাপন কৰে প্ৰাক্তন আলফা সদস্যসকলে৷ অৰবিন্দ ৰাজখোৱা, জীতেন দত্তহতে যদি মুকলি আকাশৰ তলত থাকিব পাৰে তেনে জীৱন মৰাণক অসমৰ এটা বিশেষ জনগোষ্ঠীৰ হোৱাৰ বাবেই কাৰাগাৰত ৰাখিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে৷

যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ পূৰণ নকৰে তেন্তে ভৱিষ্যতে আলফা(স্বা)লৈ উভতি যোৱাৰ পথ মুকলি ৰখা বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে প্ৰাক্তন আলফাসকলে৷ উল্লেখ্য যে ২০১৬ চনৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰায় ৬০ জনৰো অধিক আত্মসৰ্মপনকাৰীৰ লগতে সেনা, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন আলফাৰ সদস্যসকলে অসমৰ নতুন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক অতি শীঘ্ৰে উক্ত দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনায়৷ আজিৰ সংবাদমেলত প্ৰাক্তন আলফা সভাপতি হিৰণ্য মৰাণ ওৰফে গদা অসম, সম্পাদক ৰাজেশ লাহন ওৰফে ৰাজ অসমকে ধৰি প্ৰায় অৰ্ধশতাধিক সদস্যই অংশগ্ৰহণ কৰে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।