যুৱ চিকিৎসক ডা০ পৰশ প্ৰতিম কটকীৰ বিয়োগত ডুমডুমাত শোকৰ ছাঁ

 06/13/2021 - 17:43

 

ডুমডুমাঃ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ প্ৰতিভাবান তথা যুৱ চিকিৎসক ডাঃ পৰশ প্ৰতিম কটকীৰ বিয়োগত মৰ্মাহত সমগ্ৰ জিলাবাসী। ডুমডুমাৰ সমূহ চিকিৎসকে ডাঃ পৰশ প্ৰতিম কটকীৰ স্মৃতিত ডুমডুমা এফ আৰ ইউ হাস্পতালত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। কটকীৰ বিয়োগ অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি বুলি আখ্যা দিয়ে চিকিৎসক সকলে।

পৰিয়ালটিলৈ ডুমডুমা এফ আৰ ইউৰ প্ৰতিজন চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে গভীৰ সমবেদনা জ্ঞাপন কৰি ডুমডুমা এফ আৰ ইউত এখন স্মৃতিচাৰণ সভা আয়োজন কৰে। সভাখনত ইণ্ডিয়ান মেডিকেল এচ'চিয়েছন চমুকৈ IMA ডুমডুমা শাখাৰ সম্পাদক ডাঃ প্ৰণৱজ্যোতি ডেকা উপস্থিত থাকে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।