লিডুত প্ৰয়াত প্ৰদীপ সেনৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ

 06/13/2021 - 17:51


 

লিডুঃ আজি তিনিচুকীয়া জিলাৰ লিডুত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে নেতাজী ভৱনত পৰলোক প্ৰাপ্ত শ্ৰী প্ৰদীপ সেনৰ বাবে শোকসভা তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৱা ৯ তাৰিখ বুধবাৰে ডিব্ৰুগড় অসম মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা তেওঁ মৃত্যুবৰণ কৰে।

উল্লেখ্য যে প্ৰদীপ সেন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি-সম্পাদকৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন সভাপতি আছিল। 

তেওঁৰ বাঙালী সমাজৰ  কাৰণে আগবঢ়োৱা বহুতো অৱদান আছে। আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাঙালী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা অনুপ বিশ্বাস, লিডু আঞ্চলিকৰ সম্পাদক চিৰঞ্জীৱ আচাৰ্য, উপ-সভাপতি কাৰ্তিক সৰকাৰ, দিলিপ সাহাৰ লগতে লিডু আঞ্চলিকৰ সদস্যসকলে বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপদেষ্টা অনুপ বিশ্বাসে উপস্থিত হৈ প্ৰয়াত প্ৰদীপ সেনক শ্ৰদ্ধাঞ্জলি দিয়াৰ কৰাৰ লগতে শোকতপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰদীপ সেনৰ মৃত্যুত সমগ্ৰ বঙালী সমাজত এক গভীৰ ক্ষতি সাধন হয় বুলি জনায়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।