ডুমডুমা বিধান সভা সমষ্টিত পথ আৰু দলং নিৰ্মাণত ব্যাপক বিসংগতি

 06/13/2021 - 19:17

 


ডুমডুমাঃ ডুমডুমা বিধান সভা সমষ্টিৰ কাক'জান দোৱাৰমৰা মূল পথৰ পৰা টঙানী সোণজান সংযোগী পথত থকা মইলাজান নদীৰ ওপৰত নিৰ্মাণ হোৱা দলঙখনৰ দুৰৱস্থা দেখিলে চকু কপালত উঠিব। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদাণ বৰুৱা আৰু ডুমডুমা বিধান সভা সমষ্টিৰ সেই সময়ৰ বিধায়ক দূৰ্গা ভূমিজৰ উপস্থিতিত এহেজাৰ কাঠৰ দলঙৰ পৰিৱৰ্তন যোজনাৰ অধীনত ২০১৮ চনৰ ২ চেপ্তেম্বৰত সাংসদ পুজিৰে শোভাৰম্ভ কৰা পকী দলঙখন সম্পূৰ্ণ হ'ল যদিও এতিয়া পাৰ হ'ব নোৱাৰে গাড়ী।

যেন ৰাইজৰ আত্মসন্তুষ্টিৰ বাবেহে নিৰ্মাণ হ'ল দলং। জনৈক চেতিয়া আৰু আগৰৱালা উপাধীৰ দুজন ঠিকাদাৰে নিজ ময়-মতালিত কাম কৰাত এবছৰ নহওঁতেই চপৰা চপৰকৈ খহি দলঙখনৰ অৱস্থা বৰ্তমানে জৰাজীৰ্ণ হৈছে। উল্লেখনীয় যে PWD অভিযন্ত্ৰাৰ নিৰ্দেশ অনুসৰি আৱণ্টিত পুঁজিৰ পৰিমাণ বা তথ্য ফলকত লিখিত অৱস্থাত থাকিব লাগে যদিও এইখন ফলকত কোনো তথ্য লিখা দেখা নগ'ল।

স্থানীয় ৰাইজৰ মতে সাংসদ পুঁজিৰ প্ৰায় ১কোটি ৭৫ লাখ টকা ব্যয় সাপক্ষে নিৰ্মাণ হৈছিল দলঙখন। ৰাইজৰ অভিযোগ অনুসৰি নব নিৰ্বাচিত স্থানীয় বিধায়ক ৰূপেশ গোৱালাই জহি খহি যোৱা দলঙখন পৰ্যবেক্ষন কৰে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা হাতত লোৱা দেখা পোৱা নাই। এতিয়া স্থানীয় ৰাইজৰ মাজত আচম্বিত প্ৰশ্ন উত্থাপন হৈছে যে, নিজ লোকসভা সমষ্টিত নিৰ্মাণৰত দলঙখনৰ কাম চাবলৈ আহৰি নাপালে নেকি  সাংসদ প্ৰদান বৰুৱাই ? নে তেওঁৰ ঘনিষ্ঠ আছিল জনৈক চেতিয়া আৰু আগৰৱালা উপাধীৰ ঠিকাদাৰ দুজন?

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।