বোকাজান আৰক্ষীৰ সফলতাঃ ড্ৰাগছসহ এজনক আটক

 06/14/2021 - 13:05

 

বোকাজানঃ বোকাজান আৰক্ষী থানাৰ নিয়মীয়া তালাচীত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক। জানিব পৰা মতে ধৃত লোকজন বিহাৰৰ আখতাৰ শেখ কিন্তু তেওঁ ৰোহন গড় বুলি ভূৱা নথি পত্ৰত উল্লেখ আছিল যদিও আৰক্ষীৰ অনুসন্ধানত আচল পৰিচয় পোহৰলৈ আহে।

ধৃত সৰহবৰাহীজন বোকাজান অঞ্চলতে বহুদিনৰ পৰা এটা ভাৰা ৰুমত আছিল। আৰক্ষীয়ে ধৃত লোকজনক আটক কৰাৰ লগতে এখন আপাছি বাইক জব্দ কৰিবলৈ সক্ষম হৈছে। বোকাজান আৰক্ষীয়ে জনোৱা মতে তেওঁ ডিমাপুৰত এখন দোকান আছে আৰু ডিমাপুৰৰ পৰা গোলাঘাটলৈ ড্ৰাগছ সৰবৰাহ কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।