সানেকুছি ৰাজ্যিক চিকিৎসালয়লৈ অক্সিজেন কনচেনট্ৰেটৰ দান

 06/14/2021 - 15:15

 

 

বাহাৰঘাটঃ বিশিষ্ট ব্যৱসায়ী তথা চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি ৰমেন চৌধুৰীৰ উদ্যোগত আৰু ইবু সঞ্জীৱ গাৰ্গৰ প্ৰত্যক্ষ সহযোগত নতুন দিল্লীৰ হেল্প ইণ্ডিয়ান হাস্পতালৰ দ্বাৰা অৰ্পণ অক্সিজেন কনচেনট্ৰেটৰসহ বহুতো সামগ্ৰী৷ বৰ্তমান ক’ৰনা মহামাৰীৰ বাবে ৰাইজ সন্ত্ৰাসিত হৈ পৰিছে বহুতো কৰ’নাক্ৰান্তই দিগবিদিগ হেৰাইছে অক্সিজেনৰ অভাৱত৷

এনেহেন দুৰ্যোগৰ সময়তে সানেকুছি ৰাজ্যিক চিকিৎসালয়লৈ চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট ব্যৱসায়ী ৰমেন চৌধুৰীৰ সম্পূৰ্ণ ব্যক্তিগত উদ্যোগত স্থানীয় সচেতন যুৱক ইবু সঞ্জীৱ গাৰ্গৰ প্ৰত্যক্ষ সহযোগত নতুন দিল্লীস্থিত হেল্প ইণ্ডিয়া হাস্পতালৰ তৰফৰ পৰা এটি অক্সিজেন কনচেনট্ৰেটৰসহ বহুতো চিকিৎসা সম্পৰ্কীয় সা-সামগ্ৰী চিকিৎসালয়খনলৈ অৰ্পণ কৰে৷

অন্যান্য সামগ্ৰীৰ ভিতৰত নিউৰো মাস্ক, হেণ্ড চেনিটাইজাৰ, ১৯৫ মাস্ক, চুগাৰ জোখা মেচিন, থেঠিস্কোপ, আদি কৰি কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰী অৰ্পণ কৰে৷ গুৱাহাটী পানবজাৰৰ বাসিন্দা ৰমেন চৌধুৰী শাৰিৰীক অসুস্থতাৰ বাবে সামগ্ৰীসমূহ অৰ্পণ কৰা সময়ত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ তেওঁৰ সতীৰ্থ ভূপেন লহকৰে আনুষ্ঠানিকভাৱে চিকিৎসক ডা০ হেমেন কুমাৰ শৰ্মাৰ হাতত অৰ্পণ কৰে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।