কাকপথাৰৰ ডিৰাক চুমনি মথাউৰি পৰিৰ্দশন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

 06/14/2021 - 18:22

 

কাকপথাৰঃ মন্ত্ৰী পিয়ুষ হাজৰিকাই আজি শদিয়া সমষ্টিৰ অন্তৰ্গত কাকপথাৰৰ অসম অৰুনাচল সীমান্তৱৰ্তী ডিৰাক চুমনি মথাউৰি পৰিদৰ্শন কৰে৷ মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ মথাউৰিসমূহ পৰিদৰ্শন কৰা বুলি জানিবলৈ দিয়াৰ লগতে পৰ্যায় অনুসৰি মেৰামতি নতুবা নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে৷

শদিয়াৰ চুনপুৰা অঞ্চলৰ গৰাখহনীয়া পৰিদৰ্শন কৰি কাকপথাৰৰ ডিৰাক চুমনিৰ ন-দিহিং নদীৰ গৰাখহনীয়া আৰু মথাউৰিৰ অৱস্থা বুজ লৈ নাৱেৰে ডুমডুমা সমষ্টিৰ হাতীশাল অঞ্চলত হৈ থকা গৰাখহনীয়া বুজ লবলৈ ৰাউনা মন্ত্ৰী গৰাকী৷ মন্ত্ৰীগৰাকীৰ লগতে মথাউৰি পৰিদৰ্শনৰ কালছোৱাত সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়াই অংশগ্ৰহণ কৰে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।