চেঙা সমষ্টিৰ ৰৌমাৰী পাথাৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত

 06/15/2021 - 11:53

 

পূৱ বৰপেটাঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ৰৌমাৰী পাথাৰত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া। ৰৌমাৰী পাথাৰত কালৰূপ ধৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। কাণসাৰ নাই চৰকাৰ তথা জলসম্পদ বিভাগৰ। বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৰ্বস্বান্ত কৰিছে নৈপৰীয়া ৰাইজক।

ইতিমধ্যে শ শ কৃষিভূমি লুইতৰ বুকুত জাহ গৈছে। বিগত তিনিটা বছৰত তিনি শতাধিক পৰিয়ালে অন্যস্থানলৈ স্থানান্তৰ কৰিছে বাসগৃহ। বৰ্তমানো কেইবাটাও বাসগৃহলৈ আহিছে ভাবুকি।

মূৰে-কপালে হাত দিছে নৈপৰীয়া ৰাইজে। কেমেৰাৰ সন্মুখতে চপৰা চপৰে খহিছে লুইতৰ গৰা। এনেদৰে খহনীয়া অব্যাহত থাকিলে হয়তো দুই-তিনিবছৰৰ ভিতৰত নিশ্চিহ্ন হৈ যাব ৰৌমাৰী পাথাৰ। অসমৰ মানচিত্ৰৰ পৰা হেৰাই যাব ৰৌমাৰী পাথাৰ গাঁও।

ৰৌমাৰী পাথাৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকালৈ আহ্বান জনাইছে নৈপৰীয়া ৰাইজে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।