মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ ড্ৰাগছ বিৰোধী অভিযানঃ ড্ৰাগছ, জুৱা, অসামাজিক কামৰ বিৰুদ্ধে মাইকযোগে সকিয়নি প্ৰদান

 06/15/2021 - 12:57

 

পূৱ বৰপেটাঃ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত খিলঞ্জীয়া মুছলমান অধ্যুষিত গাঁও মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিয়ে লৈছে ড্ৰাগছ বিৰোধী অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যত চলি থকা ড্ৰাগছ বিৰোধী অভিযানক সমৰ্থন জনায় মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিয়ে। ১৮৯০ চনত স্থাপিত মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা মঙলবাৰে ড্ৰাগছ, জুৱা, মদ, অসামাজিক কামৰ লগত জড়িত ব্যক্তিক মাইকযোগে সকিয়নি প্ৰদান কৰে।

যদি কোনো ব্যক্তি ড্ৰাগছ, মদ, জুৱা, অসামাজিক কামত লিপ্ত হয় তেতিয়া আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি গাঁও উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি কামৰুজ জামানে সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে। ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য আয়োজিত প্ৰচাৰ অভিযানত উপস্থিত থাকে গাঁও উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি কামৰুজ জামান, কাৰ্যকৰী সম্পাদক মুকুট আলী আহমেদ, সাধাৰণ সম্পাদক জিয়াউৰ ৰহমান, কাৰ্যকৰী সদস্য ক্ৰমে চৈয়দ ফজলুল হক, মিৰাজুল হক, চহিদুল ইছলাম, ইফতিয়াৰ জাহান, মইদুল ইছলামে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।