কুকাৰপাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক আটক

 06/15/2021 - 16:09

 

পূৱ বৰপেটাঃ বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত কুকাৰপাৰত গোপন খবৰৰ ভিত্তিত মঙলবাৰে দুপৰীয়া ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ মাফিয়াক আটক কৰে আৰক্ষীয়ে। ধৃত ড্ৰাগছ মাফিয়াটো কুকাৰপাৰৰ ইন্নছ আলীৰ পুত্ৰ ফুলচান আলী(২৮) বুলি জানিব পৰা গৈছে।

বৰপেটা জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত সৰ্থেবাৰী আৰক্ষী থানাৰ অ'.চি অঞ্জন বড়ো, তাৰাবাৰী আৰক্ষী থানাৰ অ'.চি জ্যোতিষ দাস আৰু মাজদিয়া আৰক্ষী চকীৰ আই.চি প্ৰণৱ কুমাৰ দাসে চলায় যৌথ অভিযান।

এই যৌথ অভিযানত কুকাৰপাৰৰ ফুলচান আলীৰ বাসগৃহৰ পৰা ৫২ টা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, ৯৩ টা খালি প্লাষ্টিকৰ কন্টেইনাৰ, ৪টা চাবোনৰ বাকচ আৰু নগদ ৩৫হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছৰ ব্যৱসায়ৰ লগত জৰিত থকাৰ অভিযোগত ফুলচান আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।