বিজেপিক কটাক্ষ নৱজ্যোত সিং সিদ্ধুৰ

 03/13/2019 - 14:48

ডিজিটেল ডেস্কঃ বিগত কিছুদিনৰ পৰা কংগ্ৰেছৰ নেতা তথা পঞ্জাৱৰ মন্ত্ৰী নৱজ্যোত সিং সিদ্ধুৱে টুইটাৰত বিজেপিক কটাক্ষ কৰি বিভিন্ন মত দিয়া দেখা গৈছে। বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পাছৰেপৰা নৱজ্যোত সিং সিদ্ধুৱে প্ৰায়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত সমালোচনা কৰি পোষ্ট দি আহিছে।

এইবাৰ কংগ্ৰেছ নেতাগৰাকীয়ে সম্পত সৰলৰ এটা ভিডিঅ'সহ টুইটাৰত টুইট কৰি কয় যে, ‘ৰাইজে মোডী চৰকাৰ ম’বাইল নম্বৰ আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ বাবেহে গঠন কৰিছিল নেকি? বছৰটোত এটা দিন মানুহক মূৰ্খ সজাবলৈ এপ্ৰিল ফুল আৰু ৫ বছৰৰ বাবে মূৰ্খ সজাবলৈ পদুমৰ ফুল!’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।