বিশ্বকাপৰ বা-বতৰা

 06/04/2019 - 13:15

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটৰ ষষ্ঠখন খেল কালি পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হয়। পাকিস্তানে প্ৰথমে বেট ধৰি ৫০ অ’ভাৰত ৮ টা উইকেট হেৰুৱাই ৩৪৮ ৰান কৰে।

ইংলেণ্ডে তাৰ বিপৰীতে ৫০ অ’ভাৰত ৯ টা উইকেট হেৰুৱাই ৩৩৪ ৰান কৰিবলৈ সক্ষম হয়। পাকিস্তান জয়ী হয় ১৪ ৰানত। খেলত মেন অৱ দ্য মেচ হয় পাকিস্তানৰ মহম্মদ হাফিজ।

হাফিজে ৬২ টা বলত ৮৪ ৰান কৰিছে আৰু ৭ অ’ভাৰত ৪৩ ৰান দি ১ টা উইকেট দখল কৰে।

আজি কাৰ্ডিফৰ ছ’ফিয়া গাৰ্ডেনত দিনৰ ৩ বজাৰ পৰা আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত বিশ্বকাপৰ সপ্তমখন খেল অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।