বিজেপিত যোগদান নকৰে কিৰিপে

 03/13/2019 - 15:53

গুৱাহাটীঃ গুৱাহাটী সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ কিৰিপ চলিহাই বিজেপিত যোগদান কৰিব বুলি ওলোৱা বাতৰিক তেওঁ নস্যাৎ কৰিছে৷ চলিহাই জনোৱা মতে, তেওঁ বিজেপিত যোগদান কৰিব বুলি যি খবৰ ওলাইছে সেইয়া ভিত্তিহীন। এই বিষয়ে তেওঁ অৱগত নহয়।

আগন্ত্তক লোকসভা নিৰ্বাচনত কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়াও ঠিৰাং কৰা হোৱা নাই বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।