বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা

 01/30/2022 - 15:59
 
বটদ্ৰৱাঃ বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা৷ বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্ৰীৰ দলটোৰ কেইবাগৰাকীকৈ তীৰ্থযাত্রী কথমপি প্ৰাণৰক্ষা পৰিল। বটদ্ৰৱাৰ থানলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ অহাৰ সময়তে বটদ্ৰৱা থানৰ সমীপতে দুৰ্ঘটনাগ্ৰস্ত হয় নলবাৰীৰ তীৰ্থযাত্ৰীৰ দলটো৷ তীৰ্থযাত্রী দলটোৱে অহা উইংগাৰ (AS-14,C-1911) আৰু এখন বিলাসী বাহন (AS-01,EA-2767) মাজত মুখামুখি সংঘর্ষ হয়। বটদ্ৰৱাৰ দৌল মন্দিৰ চাৰিয়ালিত বিলাসী গাড়ীখনৰ বাবেই মুখামুখি সংঘৰ্ষ হোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ৷
 
নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত নমাটি গাঁৱৰ পৰা অহা AS 14C 1911 নং উংগাৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়৷ বহুকেইজন যাত্ৰী আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে এজন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে৷ আঘাতপ্ৰাপ্ত ব্যক্তিসকল ভূপেন পাঠক, বিমলা কলিতা, চম্পাৰ বৰ্মণ, পূৰবী তামুলী, ৰাজদ্বীপ তামুলী, পম্পী কলিতা। ঘটনাস্থলীৰ পৰা ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত ১০৮ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।