প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ব সোৱণশিৰি ফেষ্ট

 03/13/2019 - 19:33

গুৱাহাটীঃ লক্ষিমপুৰৰ গোগামুখস্থিত চাউলধোৱাত প্ৰথম বাৰৰ বাবে ২৫মাৰ্চৰ পৰা ২৮মাৰ্চলৈ অনুষ্ঠিত হ’ব কাংকিনৰ উদ্যোগত সোৱণশিৰি ফেষ্ট৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷

প্ৰধানতঃ সংগীত, ফেশ্বন, দুঃসাহসিক অভিযান, মডেলিংৰ লগতে খেল-ধেমালি আদিৰ প্ৰতিযোগীতা অনুষ্ঠিত হ'ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত এই কথা ব্যক্ত কৰে উদ্যোক্তাসকলে৷ তেওঁলোকে এই অনুষ্ঠানটোৰ বাজেট ১কোটি ৫লাখ টকা ধাৰ্য কৰিছে বুলি জানিবলৈ দিয়ে৷

তেওঁলোকৰ উদ্দেশ্য হৈছে এই অনুষ্ঠানৰ জৰিয়তে পয্যৰ্টন উদ্যোগ, বয়নশিল্প আৰু হস্ততাতৰ লগতে অসমৰ বিভিন্ন থলুৱা খাদ্য তথা নৃত্য অনুষ্ঠানৰ প্ৰদৰ্শন কৰা৷ এই বিষয়ে সবিশেষ তথ্যৰ বাবে ৭০০২৮৪০০৯৮ নম্বৰত যোগোযোগ কৰিব পাৰিব বুলিও তেওঁলোকে উল্লেখ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।