৪ বছৰীয়া শিশু হ’ল কনিষ্টবল, এছএছপি সুনীল জৈনে দিলে নিযুক্তি পত্ৰ

 02/28/2022 - 12:57

 

নিউজ ডেস্কঃ মধ্য প্ৰদেশ আৰক্ষীত ৪ বছৰীয়া এজন কণমানি কনিষ্টবলৰ নিযুক্তি। কনিষ্টবল পদত নিযুক্তি হোৱা পত্ৰখন নিজ হাতে কণমানিটিৰ হাতত তুৃলি দিয়ে এছএছপি সুনীল জৈনে। ৪ বছৰীয়া শিশুটিৰ নাম গজেন্দ্ৰ মাৰকাম। গজেন্দ্ৰৰ পিতৃ শ্যাম সিং মাৰকাম পুত্ৰ মধ্য প্ৰদেশৰ নৰসিংপুৰত হেড কনিষ্টবল পদত নিযুক্ত আছিল আৰু কৰ্তব্যৰত অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটিছিল। ইয়াৰ পাছতেই শ্যাম সিং মাৰকামৰ পৰিয়ালত দুখৰ পাহাৰ ভাগি পৰিছিল। এফালে পৰিয়ালটোৰ মুৰব্বীৰ মৃত্যু আনফালে আৰ্থিক সমস্যা।


মধ্য প্ৰদেশ চৰকাৰে শ্যাম সিং মাৰকামৰ পত্নী সবিতা মাৰকামক স্বামীৰ পদটোত অনুকম্পামূলক নিযুক্তি দিব বিচাৰিছিল কিন্তু তেওঁ নিজে চাকৰিটো গ্ৰহণ নকৰি তেওঁৰ ৪ বছৰীয়া পুত্ৰ গজেন্দ্ৰ মাৰকামক নিযুক্তি দিয়াৰ বাবে আবেদন কৰে। সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰৰ সৈতে শপতনামা দিছিল সবিতা মাৰকামে। সকলো দিশ পৰীক্ষা কৰাৰ অন্তত ৪ বছৰীয়া শিশুটোক কাটনিত শিশু ৰক্ষক হিচাপে যোগদান পত্ৰ প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।