বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণদ্বীপ হুদা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

 03/04/2022 - 13:51

 

নিউজ ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণদ্বীপ হুদা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। এখন চিনেমাৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি হয় ৰণদ্বীপ হুদা। বুধবাৰে অভিনেতাজনৰ আঠুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয়। ৪৫ বছৰীয়া ৰণদ্বীপ হুদাৰ নতুনকৈ আহিবলগীয়া ছবি ‘ইন্সপেক্টৰ অবিনাশ’ৰ শ্বুটিঙৰ সময়ত শ্বুটিংস্থলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অভিনেতাগৰাকী। এক মাৰ-পিটৰ দৃশ্যত ভাগ লৈছিল অভিনেতাগৰাকীয়ে। ৰণদ্বীপক ততাতৈয়াকৈ মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসকে তেওঁক পৰীক্ষা কৰি আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব বুলি কয়। পৰৱৰ্তী সময়ত চিকিৎসকে অভিনেতাগৰাকীৰ আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।