কামপুৰ পৌৰসভাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

 03/04/2022 - 17:19

 


কামপুৰঃ পৌৰসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিনা। কামপুৰ পৌৰসভাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰৰ চলাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সাংসদ জনে কামপুৰ পৌৰসভাৰ ১নং ৱাৰ্ডৰ উৎপলা বৰফুকনৰ হৈ প্ৰচাৰ চলায়। কামপুৰ পৌৰসভাৰ মনোনীত সদস্য হৈ থকা সাংসদজনে কংগ্ৰেছ দলৰ পৰা মনোনীত কৰা প্ৰাৰ্থীৰ সকলক জয়ী কৰাৰ বাবে আহ্বান কৰে। সাংসদ বৰদলৈয়ে জয়ী হোৱা কংগ্ৰেছৰ ৱাৰ্ডৰ সদস্যসকলক লৈ কামপুৰ পৌৰসভাৰ উন্নয়নৰ কাম কৰা আশ্বাস দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।