তৃতীয় লিংগৰ হুংকাৰ

 03/14/2019 - 15:16

গুৱাহাটীঃ তৃতীয় লিংগৰ বিষয়ে নিৰ্মীয়মান এখন চলচ্চিত্ৰৰ ওপৰত অভিযোগ তুলি সৰৱ হৈ উঠিছে 'অল আসাম ট্ৰেন্সজেণ্ডাৰ এচ'ছিয়েচন'। সংস্থাটোৰ বিষয়ববীয়াসকলে অভিযোগ কৰিছে যে তৃতীয় লিংগৰ ওপৰত নিৰ্মাণ হ্'বলগীয়া যি কোনো ছবি অথবা তথ্যচিত্ৰৰ বাবে সংস্থাৰ অনুমতিৰ নিতান্তই প্ৰয়োজন। কিন্তু এই নিৰ্মীয়মান ছবিখনে সংস্থাটোৰ অনুমতি অবিহনে চিত্ৰগ্ৰহণ কৰি আছে।

এই কথাই তৃতীয় লিংগ ব্যক্তি তথা সংস্থাটোক অপমানিত কৰিছে। প্ৰশাসনক এই বিষয়ে অৱগত কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ তেওঁলোক ক্ষোভিত হৈ পৰিছে। ভৱিষ্যতে যদি আৰক্ষী প্ৰশাসনে কোনো পদক্ষেপ নলয়, তেনেহ'লে তৃতীয় লিংগৰ তৰফৰ পৰা ব্যাপক আন্দোলন কাৰ্য্যসূচী গ্ৰহণ কৰা হ্'ব বুলি সংস্থাটোৱে হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।