তৃণমূল কংগ্ৰেছত যোগদানৰ সম্ভাৱনা ৰিপুন বৰাৰ

 04/17/2022 - 13:08

 

নিউজ ডেস্কঃ বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছক নেতৃত্ব দিয়া ৰিপুণ বৰাই এইবাৰৰ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয়বৰণ কৰিছিল। বৰ্তমান প্ৰশ্ন উঠিছে ৰাজ্যসভাৰ নিৰ্বাচনত দলীয় অন্ত:কন্দলৰ বাবেই পৰাজয়ৰ মুখ দেখিব লগা হোৱাৰ ফলশ্ৰুতিতেই দলটোৰ প্ৰতি মোহভংগ ঘটিছিল ৰিপুণ বৰাৰ। অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে ৰিপুণ বৰাই আম আদমী পাৰ্টিত যোগদানৰ প্ৰচেষ্টা চলোৱা বুলিও সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছিল। কিন্তু শেহতীয়াভাৱে ৰিপুণ বৰাই আম আদমী পাৰ্টিৰ সলনি তৃণমূল কংগ্ৰেছত হে যোগদানৰ বাবে যো-জা চলোৱাৰ খবৰ আহিছে। হয়তো সুস্মিতা দেৱৰ দৰে ৰিপুণ বৰাকো ৰাজ্যসভাৰ সাংসদৰ পদৰে পুৰস্কৃত কৰিব পাৰে তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেণাৰ্জীয়ে। অৱশ্যে এই সংক্ৰান্তত বৰ্তমানলৈকে ৰিপুণ বৰাই সংবাদ মাধ্যমত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।